القرآن الكريم المصحف الإلكتروني إذاعات القرآن صوتيات القرآن أوقات الصلاة فهرس الموقع

প্ৰশ্ন নং ৯- ছুৰা কুৰাইশ্ব পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

উত্তৰ- ছুৰা কুৰাইশ্ব আৰু ইয়াৰ তাফছীৰঃ

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

লি ঈলাফি কুৰাইশ্ব। (১) {যিহেতু ক্বুৰাইছসকল অভ্যস্ত,} ঈলাফিহিম ৰিহলাতাশ্ব শ্বিতা-য়ি অচ-চাইফ। (২) {শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে।} ফাল য়া'বুদু ৰাব্বা হাজাল বাইত। (৩) {এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।} আল্লাজী আত্ব আমাহুম মিং জূ-ইওঁ ওৱা আ-মানাহুম মিন খাওফ। (৪) {যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।} (ছুৰা কুৰাইশ্বঃ ১-৪)

তাফছীৰ

১- (لِإِيلَافِ قُرَيْشٍ) ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে, কুৰাইশ্বসকলে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণক অভ্যাসত পৰিণত কৰিছিল।

২- (إِيلَافِهِمْ رِحْلَةَ الشِّتَاءِ وَالصَّيْفِ) শান্তি তথা নিৰাপত্তাৰ সৈতে, শীতকালত ইয়ামানলৈ আৰু গ্ৰীষ্মকালত ছিৰিয়ালৈ ভ্ৰমণ কৰিছিল।

৩- (فَلْيَعْبُدُوا رَبَّ هَذَا الْبَيْتِ) এতেকে সিহঁতে কেৱল সন্মানিত ঘৰৰ প্ৰতিপালক আল্লাহৰ ইবাদত কৰা উচিত। যিয়ে সিহঁতৰ বাবে এই ভ্ৰমণ দুটাক অতি সহজ কৰি দিছে, সিহঁতে তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন কৰা উচিত নহয়।

৪- (الَّذِي أَطْعَمَهُمْ مِنْ جُوعٍ وَآمَنَهُمْ مِنْ خَوْفٍ) যিয়ে সিহঁতক ভোকৰ সময়ত খাদ্য খুওৱাইছে আৰু ভয়ৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে। কিয়নো তেওঁ আৰববাসীসকলৰ অন্তৰত কা'বা ঘৰৰ সন্মান আৰু তাৰ অধিবাসীসকলৰ সন্মান ৰাখি দিছে।