القرآن الكريم المصحف الإلكتروني إذاعات القرآن صوتيات القرآن أوقات الصلاة فهرس الموقع

প্ৰশ্ন নং ১৩- ছুৰা আন-নাচৰ পাঠ কৰা আৰু ইয়াৰ ব্যাখ্যা কৰা?

উত্তৰ- ছুৰা আন-নাচৰ আৰু ইয়াৰ তাফছীৰঃ

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

ইযা জা-আ নাচৰুল্লা-হি অল-ফাত্হ। (১) {যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব,} অৰাআইতান না-ছা য়াদখুলূনা ফী দীনিল্লা-হি আফৱাজা। (২) {আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰোঁতে দেখিবা,} ফাছাব্বিহ বিহামদি ৰাব্বিকা অছতাগফিৰহু, ইন্নাহু কা-না তাওৱাবা। (৩) {তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।} (ছুৰা আন-নাচৰঃ ১-৩)

তাফছীৰ

১- (إِذَا جَاءَ نَصْرُ اللَّهِ وَالْفَتْحُ) হে ৰাছুল! যেতিয়া আপোনাৰ দ্বীনৰ বাবে আল্লাহৰ সহায় আহি যাব, আৰু মক্কা বিজয় হৈ যাব।

২- (وَرَأَيْتَ النَّاسَ يَدْخُلُونَ فِي دِينِ اللَّهِ أَفْوَاجًا) আৰু আপুনি মানুহক দলে দলে ইছলামত প্ৰৱেশ হোৱা দেখিবলৈ পাব।

৩- (فَسَبِّحْ بِحَمْدِ رَبِّكَ وَاسْتَغْفِرْهُ إِنَّهُ كَانَ تَوَّابًا) তেতিয়া আপুনি জানি লব যে, এয়া সেই মিচনৰ সমাপ্তিৰ নিকটৱৰ্তীৰ ইংগিতহে, যাৰ সৈতে আপোনাক প্ৰেৰিত কৰা হৈছিল। আপুনি সহায় আৰু বিজয় প্ৰাপ্ত হোৱাৰ বাবে কৃতজ্ঞতা পালনাৰ্থে আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু পৱিত্ৰতা বৰ্ণনা কৰক। লগতে তেওঁৰ ওচৰত ক্ষমা প্ৰৰ্থনা কৰক। নিশ্চয় তেওঁ তাওবা কবুলকাৰী, বান্দাৰ তাওবা কবূল কৰে আৰু তেওঁলোকৰ প্ৰতি ক্ষমাশীল।